Logo
image

পদে পদে অপমানিত শিলাদত্যঃ বিধায়ক ৰামকৃষ্ণই ক'লে, "শিলাদিত্যৰ বিজেপিত কোনো অস্তিত্বই নাই"

ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু প্ৰাক্তন বিধায়ক শিলাদিত্যৰ মাজত দীৰ্ঘদিনীয়া সংঘাতে এতিয়া মুকলি ৰূপ লৈছে৷ এইবাৰ ৰাজহুৱাকৈ চলিছে দুয়োগৰাকী বিজেপি নেতাৰ সংঘাত৷ দুৰ্গা পূজা চাবলৈ হোজাইলৈ অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আদৰিবলৈ সুযোগ নিদি হেলিপেটৰ পৰাই শিলাদিত্যক বাহিৰ কৰি দিছিল বৰ্তমানৰ বিধায়ক ৰামকৃষ্ঞ ঘোষে৷ আজি পুনৰ অপমানিত হল শিলাদিত্য দেৱ৷ লংকালৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানতেই সাংবাদিকক বিধায়ক ঘোষে কয়, "শিলাদিত্যৰ কোনো অস্তিত্বই নাই বিজেপিত৷ তেওঁ এগৰাকী আদৰ্শহীন বিতৰ্কিত মানুহ৷ বিতৰ্কৰ বাহিৰে শিলাদিত্যৰ পৰিচয় কি? তেওঁ বিজেপি দলত আছেনে নাই মই ভালকে নাজানো৷ কেতিয়াবা কয় দল এৰিলে, কেতিয়াবা কয় দলত আছো৷ শিলাদিত্যই আগতে এইটো স্পষ্ট কৰক যে তেওঁ বিজেপিত আছেনে নাই৷ যদি আছে দলৰ নিয়ম মানি চলিব লাগিব৷"

লগতে তেওঁ কয় যে শিলাদিত্যৰ লগত মই কি লাগিম৷ তেওঁতকৈ বহু ডাঙৰ ডাঙৰ নেতাক মই চাই থৈছোঁ ৷ তেওঁনো কোন? ইয়াতে ক্ষান্ত নাথাকি শিলাদিত্যক চাই লোৱাৰ ভাবুকি পৰ্যন্ত দিলে বৰ্তমানৰ বিধায়ক ৰামকৃষ্ণ ই৷ শিলাদিত্য দেৱক বাহিৰৰ পৰা অহা মানুহ বুলি ক'লে হোজাইৰ বিধায়ক ৰামকৃষ্ণই৷

ইফালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে প্ৰত্যাক্ৰমণ কৰি কয়- ৰামকৃষ্ণ ঘোষৰ লগত মোৰ শীতল যুদ্ধ চলা নাই, গৰম যুদ্ধহে চলিছে আৰু চলি থাকিব৷ মোক আজি তেওঁ পদে পদে অপমান কৰি আছে৷ এদিন তেওঁ প্ৰাক্তন হ'ব আৰু এনেদৰে অপমানিত হ'ব লাগিব ৷ সেইটো মনত ৰাখক৷ উল্লেখ্য যে হোজাইৰ এই দুই বিজেপি নেতাৰ মুকলি যুঁজখন এতিয়া আৰু লুকাই থকা নাই৷ ৰাজহুৱা স্থানত মুকলিকৈ চলে আক্ৰমণ-প্ৰত্যাক্ৰমণ৷ ইফালে লংকাৰ মুখ্যমন্ত্ৰীৰ সভাত হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেৱীয়ে আসন নোপোৱাত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ মুঠতে হোজাই বিজেপি এতিয়া ভয়ংকৰভাৱে অভ্যন্তৰীণ সংঘাতত জৰ্জৰিত৷